Home ৰাজ্যনৱবিবাহিতাৰ ৰহস্যজনক মৃত্যু, ঠেলাত মৃতদেহ লৈ প্ৰতিবাদ

নৱবিবাহিতাৰ ৰহস্যজনক মৃত্যু, ঠেলাত মৃতদেহ লৈ প্ৰতিবাদ

by News Desk
A+A-
Reset
thela

নগাঁওঃ এগৰাকী নববিবাহিতা মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি নগাঁও জিলাৰ চামগুৰিত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। জীয়ৰীৰ মৃতদেহ ঠেলাত লৈ ক্ষুব্ধ ৰাইজে ঘেৰাও কৰিলে চামগুৰিৰ কাৱৈমাৰী আৰক্ষী চকী। আনকি নৱবিবাহিতাগৰাকীক স্বামীগৃহই ডিঙি চেপি হত্যা কৰাৰ অভিযোগেৰে হত্যাকাৰীৰ গ্ৰেপ্তাৰৰ দাবীত থানা চৌহদ উত্তাল কৰি তোলে ক্ষুব্ধ ৰাইজে৷ জানিব পৰা মতে, কেইমাহমানৰ পূৰ্বে চামগুৰিৰ মোৱামাৰিৰ জেছমিনা খাটোন নামৰ যুবতীগৰাকী ম’বাইল ফোনৰ জৰিয়তে চিনাকি হৈ ৰূপহীহাটৰ ঝৰাঠনি গাঁৱৰ নেকিব উদ্দিনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু বিয়াৰ পাছৰেপৰাই জেছমিনাৰ ওপৰত স্বামীৰ পৰিয়ালৰ আতিশয্য আৰম্ভ হোৱাৰ অভিযোগ উত্থাপন কৰিছে জেছমিনাৰ পিতৃ-মাতৃয়ে। ইফালে, সোমবাৰে পুৱাই মহিলা গৰাকীৰ মৃত্যুৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ। ৰহস্যজনক পৰিস্থিতিত মহিলা গৰাকীৰ মৃতদেহ স্বামী গৃহৰ বাহিৰত পৰি থকাৰ অৱস্থাত প্ৰত্যক্ষ কৰি নববিবাহিতা জেছমিনাক স্বামীৰ পৰিয়ালৰ লোকে পৰিকল্পিতভাৱে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জেছমিনাৰ পৰিয়ালে। এই অভিযোগৰ ভিত্তিত সমগ্ৰ ৰহস্যজনক কাণ্ডৰ সন্দৰ্ভত কাৱৈমাৰি আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0