ওডালগুৰিঃ যোৱাকালি ওডালগুৰিৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত ঘাগ্ৰাত সংঘটিত কাৰ্যৰ বিৰুদ্ধে আজি জাঙুৰ খাই উঠে সদৌ অসম ছাত্ৰ সন্থা, চমুকৈ আছুৰ হৰিশিঙা আঞ্চলিক সমিতি। উল্লেখযোগ্য যে শনিবাৰে এন আৰ চি কৰ্তৃপক্ষৰপৰা ডি ভোটাৰৰ জাননী লাভ কৰি উক্ত গাঁৱৰ দীপক দেৱনাথ (৪৯) নামৰ লোকজনে নিজৰ গৃহ চৌহদত থকা এজোপা গছত চিপজৰী লৈ আত্মহত্যা কৰে । লগে লগে অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। লোকজনৰ মৃত্যুৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ উপদেষ্টা শ্যামল সৰকাৰ, সভাপতি সুজিৎ সৰকাৰৰ লগতে এটা সজাতি দল।
ইয়াৰ পাছত একাংশ ৰাইজৰ সহযোগত সংগঠনটোৱে দীপক দেৱনাথৰ মৃতদেহ লৈ ঘাগ্ৰা পথটি অৱৰোধ কৰে। উক্ত কাৰ্যসূচীৰ মাজতে সুজিৎ সৰকাৰে সংবাদ মাধ্যমৰ আগত আলোচনাপন্থী আলফা নেতাক উদ্দেশ্য কৰি মন্তব্য প্ৰকাশ কৰিছিল যে ‘আপোনালোকৰ হাতত যেনেকৈ এতিয়া অস্ত্ৰ আছে, আমাৰ গাতো এতিয়া শক্তি আছে । আমাৰ গাত সুভাষ বসু, খুদিৰাম বসুৰ দৰে লোকৰ তেজ আছে। আমিও মানুহ মাৰিব জানো। আমিও চাই লম।’ ইমানতে ক্ষান্ত নাথাকি তেওঁ কয় যে ‘দৰকাৰ হ’লে আমি আপোনালোকৰ ঘৰত সোমাই গৈ মাৰিম। বিগত দিনৰ ইতিহাস আমি পাহৰি গৈছোঁ, আমিও নতুন ইতিহাস ৰচনা কৰিম’ বুলি একপ্ৰকাৰ অসমীয়া জাতিক ভাবুকি প্ৰদান কৰিছিল। নেতাজনৰ উক্ত সাম্প্ৰদায়িক মন্তব্যৰ পাছতে আজি জাঙুৰ খাই উঠিছে আছুৰ হৰিশিঙা আঞ্চলিক সমিতি। ঘটনাটোৰ উচিত তদন্ত কৰিবলৈ আৰু প্ৰৰোচনামূলক মন্তব্য দিয়াৰ বাবে সংগঠনটোৱে আজি দুয়োজন নেতাৰ বিৰুদ্ধে হৰিশিঙা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।