কাৰ্বি আংলংঃ কাৰ্বি আংলং জিলাত বৰ্তমান জনজাতি আৰু অজনজাতিৰ ৰাজনৈতিক অধিকাৰ আৰু সুৰক্ষাৰ প্ৰসঙ্গ বহু চৰ্চিত বিষয় হৈ পৰাৰ সময়তেই আজি বোকাজান জিলা দাবী সমিতিয়ে বোকাজান মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ জিলাখনৰ বোকাজান মহকুমাৰ অজনজাতি সকলৰ ৰাজনৈতিক সুৰক্ষা, অধিকাৰ আৰু ন্যায় বিচাৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে ৷
স্মাৰক পত্ৰত উল্লেখ কৰা মতে ৭৫ % অজনজাতি বসতিপ্ৰধান বোকাজান মহকুমা ভৌগোলিকভাৱে এক ভৈয়াম অঞ্চল আৰু ১৯৫১ চনৰ পিয়ল অনুসৰি এই অঞ্চলত কোনো জনজাতি গাওঁ নাছিল ৷ পৰৱৰ্তী সময়তহে জনজাতি আদৰ্শ গাওঁ গঠন কৰি বিভিন্ন প্ৰান্তৰৰ লোকক সংস্থাপিত কৰিছিল ৷ বৃটিছৰ সময়ত বৰ্তমানৰ বোকাজান মহকুমাৰ অন্তৰ্গত এই অঞ্চলটো শিৱসাগৰ জিলাৰ গোলাঘাট সদৰৰ পৰা স্থানীয় নিকায়ৰ দ্বাৰা পৰিচালিত হৈছিল ৷ কিন্তু ১৯৫১ চনৰ ১৭ নৱেম্বৰত গঠন হোৱা মিকিৰ হিলছ ডিষ্ট্ৰিক্টত ৪৩৮৭.১২ বৰ্গকি:মি:ৰ এই অজনজাতি প্ৰধান অঞ্চলটো ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰি অজনজাতিৰ অধিকাৰৰ লগতে সুৰক্ষাৰ বিঘ্নিত কৰি তোলাৰ অভিযোগ তুলিছে সংগঠনটোৱে ৷