Home ৰাজ্যপিষ্টল-গুলীসহ এন ডি এফ বি সদস্য আটক

পিষ্টল-গুলীসহ এন ডি এফ বি সদস্য আটক

by News Desk
69 views
A+A-
Reset

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ কাৰিগাঁও থানাৰ অন্তৰ্গত ভাওৰাগুৰীত সেনাৰ শিখলাই ৰেজিমেণ্ট আৰু কোকৰাঝাৰ আৰক্ষীয়ে যৌথ অভিযান চলাই এজন দুৰ্ধৰ্ষ এন ডি এফ বি (সং) আটক কৰিবলৈ সক্ষম হয়। আটকাধীন সদস্যজনক গোসাঁইগাঁৱৰ এক নং কুসুমবিলৰ জয়ন্ত নাৰ্জাৰী ওৰফে জৌলাঙ (২৪) বুলি চিনাক্ত কৰা হৈছে। ধৃত সদস্যজনৰপৰা আৰক্ষীয়ে এটা পিষ্টল, পাঁচজাই সজীৱ গুলী, এটা হেণ্ড গ্ৰেণেড, মটৰ চাইকেল আৰু ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে। 

কোকৰাঝাৰ আৰক্ষীয়ে সদৰি কৰা মতে, কালি নিশা বিশেষ সূত্ৰৰ পম খেদি কাৰিগাঁও এলেকাত উপ-আৰক্ষী অধীক্ষক (প্ৰ) পুণজিৎ নাথৰ নেৰ্তৃত্বত সেনা আৰক্ষীৰ যৌথ অভিযান চলোৱা হৈছিল। উক্ত অভিযানতে মটৰ চাইকেলসহ এন ডি এফ বিৰ কেডাৰজন আৰক্ষীৰ জালত পৰে। বিগত বৰ্ষৰ নৱেম্বৰত ম্যানমাৰৰপৰা কোকৰাঝাৰ জিলাত প্ৰৱেশ কৰা আটকাধীন সদস্যজন বিভিন্ন আইনবিৰোধী কাৰ্যৰ স’তে লিপ্ত আছিল বুলি কোকৰাঝাৰ আৰক্ষীয়ে সদৰি কৰিছে

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0