Home ৰাজ্যৰাষ্ট্ৰীয় একতা দিৱসত আৰক্ষীৰ শান্তিৰ দৌৰ

ৰাষ্ট্ৰীয় একতা দিৱসত আৰক্ষীৰ শান্তিৰ দৌৰ

by News Desk
82 views
A+A-
Reset

কোকৰাঝাৰঃ লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ স্মৃতিত ৰাষ্ট্ৰীয় একতা দিৱস আজি কোকৰাঝাৰতো উদযাপন কৰা হয়। ৰাষ্ট্ৰৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে পণ লৈ কোকৰাঝাৰ আৰক্ষীয়ে শান্তিৰ বাবে মিনি মাৰাথন দৌৰ অনুষ্ঠিত কৰে। ‘শান্তিৰ বাবে এক দৌৰ’ কাৰ্যসূচী উপলক্ষে কোকৰাঝাৰ সদৰ থানাৰপৰা আৰম্ভ হোৱা মিনি মাৰাথন দৌৰত আৰক্ষী অধীক্ষক ৰাজেন সিঙ, অতিৰিক্ত আৰক্ষী অধীক্ষক কমল কুমাৰ গুপ্তা, উপ- আৰক্ষী অধীক্ষক প্ৰকাশ মেধিকে ধৰি ২০০ৰো অধিক বিষয়া-জোৱানে অংশগ্ৰহণ কৰে। মিনি মাৰাথন দৌৰটো কোকৰাঝাৰ সদৰ থানাৰপৰা ফ্লাইঅভাৰ, শান্তিনগৰ, জিলা উপায়ুক্তৰ কাৰ্যালয় হৈ কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অন্ত পৰে। শান্তিৰ বাবে দৌৰ সমাপ্ত হোৱাৰ পাছত আৰক্ষী অধীক্ষক ৰাজেন সিঙে বিষয়া-জোৱানসকলক ৰাষ্ট্ৰৰ অখণ্ডতা, সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে কাম কৰাৰ আহ্বান জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0