Home ৰাজ্য৬ টকাৰ ফুলকবি আপুনি ৫০ টকাত কিনিছে, কিয়……..

৬ টকাৰ ফুলকবি আপুনি ৫০ টকাত কিনিছে, কিয়……..

by News Desk
94 views
A+A-
Reset

ফখৰুল ইছলাম, খাৰুপেটীয়াঃ দৰঙৰ পূব মঙলদৈ অঞ্চলৰ খাৰুপেটীয়া, দলগাঁও, বেচিমাৰী, লালপুল, দৈপাম, কৌপাটি আৰু চৰ অঞ্চলৰ কৃষিজাত শস্য বিশেষকৈ শাক-পাচলি উৎপাদনৰ ক্ষেত্ৰত এক বিশেষ অধিকাৰ দখল কৰি আহিছে। প্ৰায় তিনি দশক ধৰি এই অঞ্চলৰ উৎপাদিত শাক-পাচলি যেনে, ফুলকবি, বান্ধাকবি, আলু, বিলাহী, বেঙেনা, বিন, লেচেৰা, কেৰেলা, ভেন্দি আদি সামগ্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চৰ চাহিদা পূৰণ কৰি আহিছে। কিন্তু এই অঞ্চলৰ কৃষকে মূৰৰ ঘাম মাটিত পেলাই অতি কষ্টৰে পাচলি উৎপাদন কৰি আহিছে যদিও সেই শস্যৰ উচিত মূল্য নাপাই সৰ্বস্বান্ত হৈ পৰিছে কৃষক। 

বৰ্তমান খাৰুপেটীয়াৰ বজাৰত প্ৰতি কিল’গ্ৰাম ফুলকবিৰ দাম ৬/৭ টকা৷ গুৱাহাটী বজাৰত একেই ফুলকবিৰ দাম ৪০/৫০ টকা। উৎপাদনস্থলীত নাই পাচলিৰ মূল্য। মধ্যভূগীৰ দপদপনিৰ বাবেই গুৱাহাটীত ছগুণ মূল্যত বিক্ৰী হয় পাচলি। গড়চুকৰ বজাৰত চলি আছে ছিণ্ডিকেট চক্ৰ। অত্যাধিক পৰিবহন ব্যয়, আৰক্ষীৰ অবৈধ সংগ্ৰহ, চৰকাৰী মাচুল, পাকিঙৰ ভাৰা আদি ভৰিবলগীয়া হয় বেপাৰীসকলে। গুৱাহাটীৰ বজাৰত পাচলিৰ দাম অধিক হ’লেও উৎপাদনস্থলীত নাই পাচলিৰ মূল্য। দৰঙৰ খাৰুপেটীয়াৰ বালুগাঁও পাচলিৰ বজাৰত অঞ্চলটোৰ কৃষকে অতি কষ্টৰে উৎপাদন কৰা ফুলকবি, বান্ধাকবি লগতে অন্যান্য পাচলি বজাৰলৈ আনিছে যদিও যোৱা কেইদিনৰপৰা ফুলকবিৰ দাম অতি নিম্ন হোৱাত মূৰে-কপালে হাত দিছে কৃষকে। মাত্ৰ কেইদিনমান পূৰ্বে বতৰৰ প্ৰথম ফচল হিচাপে ফুলকবি বালুগাঁও বজাৰত প্ৰতি কিল’গ্ৰামত ৪০/৫০ টকাত বিক্ৰী হৈছিল যদিও যোৱা দুই- তিনিদিনৰপৰা বজাৰত প্ৰতি কিল’গ্ৰামত ৫/৭ টকাত বিক্ৰী হৈছে ফুলকবি। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0