ফখৰুল ইছলাম, খাৰুপেটীয়াঃ যি সময়ত চৰকাৰে গুণোৎসৱ অনুষ্ঠিত কৰি শিক্ষাৰ মান নিৰূপণৰ বাবে লাখ লাখ টকা খৰচ কৰিছে, তেনে সময়ত বহু চৰকাৰী বিদ্যালয়ত নাই কোনো আন্তঃগাঁথনি৷ বহু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ডেস্ক-বেঞ্চ আৰু বিদ্যালয়-গৃহৰ অভাৱত মুক্ত আকাশৰ তলত মাটিতে বহি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে।
এনে এখন স্কুল হ’ল দৰঙৰ দলগাঁৱৰ শিয়ালমাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত কঁকালভাঙি প্ৰাথমিক বিদ্যালয়৷ ডেস্ক-বেঞ্চৰ অভাৱত মজিয়াত পাঁচটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে একেলগে বহি পাঠ গ্ৰহণ কৰিছে৷ কোনে কি পঢ়িছে, কোনে কি শিকিছে শিক্ষকেও ধৰিব নোৱাৰে৷ নোৱাৰাৰে কথা! বিদ্যালয়খনত আন কোনো কোঠালি নথকাত উপায়হীন হৈ শিক্ষকে এনেদৰেই চলাবলগীয়া হৈছে পাঠদান কাৰ্য৷ উৰ্ধ্বতন কৰ্তৃপক্ষক বহুবাৰ আবেদন কৰিও আজিলৈকে নাপালে অতিৰিক্ত এটা শ্ৰেণীকোঠা৷ আনপিনে দলগাঁৱৰ পশ্চিম ছকৰাবস্তি প্ৰাথমিক বিদ্যালয়তো একেধৰণৰ পয়ালগা দৃশ্য। আজি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ দিনা ডেস্ক-বেঞ্চৰ অভাৱত মজিয়াতে বহি পৰ্য্যবেক্ষকে কৰিবলগীয়া হৈছে মূল্যায়ন৷