Home ৰাজ্যজোঁৰ সমদলেৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা

জোঁৰ সমদলেৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা

by News Desk
82 views
A+A-
Reset

গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰপৰা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি এক জোঁৰ সমদল উলিওৱা হয়। জোঁৰ সমদলত গোৰেশ্বৰৰ বিভিন্ন দল-সংগঠনে অংশগ্ৰহণ কৰে। মূল চহৰৰ মাজেৰে উলিওৱা জোঁৰ সমদলটো শান্তিপুৰ হৈ পুৰাণ বজাৰৰ মাজেৰে গৈ ই এন ডি চ’কৰপৰা আহি গোৰেশ্বৰ ৰে’ল গে’টত সামৰণি পৰে। সমদলকাৰীসকলে বিজেপি মুৰ্দাবাদ, বিজেপি গ’ বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ বিদেশী খেদ, নৰেন্দ্ৰ মোদী হুঁচিয়াৰ আদি শ্ল’গান দিয়ে। সমদলত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অবড়ো সুৰক্ষা সমিতি, আক্ৰাছু, এবছু, শৰণীয়া কছাৰী ছাত্ৰ সন্থা, এ বি এমছু, গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদ আদি কেইবটাও সংগঠনে অংশগ্ৰহণ কৰে। সমদলত ডবা পিটি একপ্ৰকাৰ বিদেশীক সকীয়াই দিয়া হয় যে কোনোপধ্যে অসমত ১৯৭১ চনৰ পাছৰ অহা হিন্দু বা মুছলমান কোনো বিদেশীকে গ্ৰহণ কৰা নহ’ব। সমদলৰ শেষত ৰে’ল গে’টত সমবেত হৈ এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত হয়। সভাত অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতা, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সভাপতি প্ৰবীণ ডেকা, যুৱ-ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিৰ সভাপতি ৱাহেদৰ ৰহমান, কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ গোৰেশ্বৰ আঞ্চলিকৰ সভাপতি শংকৰ ৰাজবংশী, এ বি এমছুৰ তামুলপুৰ জিলা সমিতিৰ সভাপতি টাইচন হুছেইনে নাগৰিকত্ব সংশোধনী আইন চৰকাৰে গ্ৰহণ কৰি অসমীয়াক ভগনীয়া কৰিব বিচাৰিছে বুলি মন্তব্য কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0