ডিফুঃ অসম চৰকাৰৰ মুখ্য সচিব অলক কুমাৰৰ নিৰ্দেশ মৰ্মে ডিফুৰ জিলা উপায়ুক্তই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ৰূপায়িত হোৱা বিভিন্ন উন্নয়ণ মূলক আঁচনিৰ সন্দৰ্ভত পাৱাৰ পইণ্ট প্ৰেজেণ্টেছনৰ জৰিয়তে মঙলবাৰে ডিফুৰ আৱৰ্ত ভৱনত সংবাদমেল যোগে সদৰি কৰে ৷
ইয়াৰে পূব কাৰবি আংলং জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তৰ আওতাত থকা সংসদ পূঁজি, বিধায়কৰ পূঁজি, চাহ বাগান সমূহৰ ধন পূৰস্কাৰ মেলা আৰু আনটাইডফাণ্ডত ৰূপায়িত হোৱা আচনিসমূহৰ খতিয়ান সমূহ ক্ৰমে, ৩ জনজাতীয় স্বায়ত্ত জিলা লোকসভা সমষ্টিৰ সাংসদ বিৰেণচিং ইংতিৰ উন্নয়ণ পূঁজিৰ ২০১৪-১৫ বিত্তীয় বৰ্ষৰ ২০৮ টা আঁচনিৰ ৫০০ লাখ টকা পূঁজিৰ আবণ্টন হৈছিল, ইয়াৰে ১৮৫ টা আঁচনি সম্পূৰ্ণ ৰূপায়ণৰ নামত ৪৮৪ দশমিক ১১৫ লাখ টকা ব্যয় হয় আৰু ২৩ খন আঁচনি অসম্পূৰ্ণ হৈ ৰয়, বেংকত জমা হৈ ৰয় ১৫ দশমিক ৮৮৫ লাখ টকা ৷ ২০১৫-১৬ বিত্তীয় বৰ্ষৰ ১৯৪ টা আঁচনিৰ ৫০০ লাখ টকা আবণ্টিত পূঁজিৰ ৮৯ টা আঁচনি সম্পূৰ্ণ হোৱাৰ বাবত ৩২১ লাখ ৬৬৩ হাজাৰ টকা ব্যয় হয় লগতে ১০৫ টা আঁচনি অসম্পূৰ্ণ হৈ আছে যদিও বেংকত ১৭৮ লাখ ৩৩৭৭ হাজাৰ টকা জমা হৈ আছে ৷ পূব কাৰবি আংলং জিলাৰ ৪ টা জনজাতীয় বিধান সভা সমষ্টিত ২০১৪-১৫ বিত্তীয় বৰ্ষৰ ১৭নং বোকাজান বিধান সভা সমষ্টিৰ বাবে ৬৫ টা আঁচনিৰ বাবদ এশ লাখ টকা আবণ্টিত হোৱাৰ বিপৰীতে ৫৯ টা আঁচনি সম্পূৰ্ণ কৰা হয়