কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ গেন্দ্ৰাবিলৰ নন্দিনী নাথ নামৰ এগৰাকী ছাত্ৰীৰ অৰ্ধ অগ্নিদগ্ধ মৃতদেহ যোৱা ২৭ অক্টোবৰত গেন্দ্ৰাবিলৰ ধাননি পথাৰত উদ্ধাৰ হোৱাৰ পিছত আজি নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত কোকৰাঝাৰত এক বিশাল প্ৰতিবাদী জোৰ সমদল বাহিৰ কৰা হয় ।
উক্ত জোৰ সমদলত আছু , এবছু , আক্ৰাছু, আছা , চাওতাল ছাত্ৰ সন্থা, সূত্ৰধৰ যুৱ ছাত্ৰ সন্থা , নাথ যোগী সন্মিলনী, যুদ্ধবিৰত আলফা , গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আদিকে ধৰি কেবাটাও সংগঠনৰ নেতা -কৰ্মী সমৰ্থকে ভাগ লৈ নন্দিনী নাথৰ মৃত্যু ৰহস্যৰ উদ্ঘাটন কৰিবলৈ দাবী উত্থাপন কৰে ।