Home ৰাজ্যওদালগুৰিৰ তিনি যুৱক আলফাত যোগদানৰ সন্দেহ

ওদালগুৰিৰ তিনি যুৱক আলফাত যোগদানৰ সন্দেহ

by News Desk
A+A-
Reset
linkman

ওদালগুৰিঃ ওদালগুৰি জিলাৰপৰা তিনিজন যুৱক আলফালৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ওদালগুৰি আৰক্ষী প্ৰশাসনে। উল্লেখযোগ্য যে বিগত ২ নৱেম্বৰত ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত বৰংগাবাৰী গাঁৱত গোপন সূত্ৰৰপৰা লাভ কৰা তথ্যৰ ভিত্তিত হৰিশিঙা আৰক্ষী আৰু সেনাই এক অভিযান চলাই দুজন সন্দেহযুক্ত আলফা (স্বা)ৰ লিংকমেন আটক কৰিবলৈ সক্ষম হৈছিল। আটকাধীন লোক দুজন বৰংগাবাৰী গাঁৱৰ বলেন ডেকা (৩৫) আৰু ডিম্বেশ্বৰ ডেকা (৩২)। 

দুয়োজনৰ বিৰুদ্ধে হৰিশিঙা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ১০/১৩ নম্বৰ ধাৰাৰ অধীনত ৪৬/১৮ নম্বৰত এক গোচৰ ৰুজু হয়। পাছত লোক দুজনক ওদালগুৰি আদালতত হাজিৰ কৰোৱাত আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। এই সন্দৰ্ভত ওদালগুৰি আৰক্ষী অধীক্ষক ৰাজবীৰ সিঙক সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয় যে আলফাৰ লিংকমেন ভাষ্য মতে,
ওদালগুৰিৰপৰা তিনিজন যুৱক ক্ৰমে সুশান্ত নাথ, জয়ন্ত ডেকা আৰু ধনজিৎ ডেকাই নতুনকৈ আলফা (স্বা)ত যোগদানৰ কৰিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0