Home ৰাজ্যবোকাজানত অখণ্ড ভাগৱত পাঠৰ আয়োজন

বোকাজানত অখণ্ড ভাগৱত পাঠৰ আয়োজন

by News Desk
228 views
A+A-
Reset

বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ উদ্যোগ নগৰী বোকাজানৰ শুকানজানস্থিত শ্ৰীশ্ৰীশংকৰ-মাধৱ মিলনজ্যোতি নামঘৰ প্ৰাংগণত অহা ১১ নৱেম্বৰৰপৰা ১৮ নৱেম্বৰলৈ বিস্তিত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অখণ্ড ভাগৱত পাঠ৷ 
কাৰ্যসূচী অনুসৰি ১১ নৱেম্বৰৰ পুৱা ৫.৩০ বজাত প্ৰাতঃপ্ৰসংগ, ৭ বজাত ভাগৱত প্ৰদক্ষিণৰ পাছত ৯ বজাত ভাগৱত প্ৰতিষ্ঠা কৰিব তিনিচুকীয়াৰ শ্ৰীশ্ৰী গজলা সত্ৰৰ সত্ৰাধিকাৰ প্ৰণৱ মহন্তই৷ পুৱা ১০ বজাত নাম-প্ৰসংগৰ পাছতেই ভাগৱত পাঠ আৰম্ভ হ’ব আৰু এই অখণ্ড ভাগৱত পাঠ ১৮ নৱেম্বৰলৈ চলিব৷ 
অন্তিম দিনা পুৱা ১০ বজাত ভাগৱত পাঠ সমাপন আৰু ভাগৱত ভ্ৰমণ তথা নাম-প্ৰসংগৰে অখণ্ড ভাগৱত পাঠ সামৰণি পৰিব৷ 
অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি অন্তিম দিনা নিশা ৮ বজাত বোকাজানৰ কৃষ্ণ নগৰৰ বাসিন্দা কমল দাস আৰু তেওঁৰ পৰিয়ালে আগবঢ়োৱা তথা শিৱসাগৰৰ চামগুৰি শংখ ধ্বনি নাট্য গোষ্ঠীৰ শিল্পীসকলৰদ্বাৰা পৰিৱেশিত তথা পুলিন তামুলীৰ পৰিচালনাত ‘বীৰুচনৰ বিষ্ণুপ্ৰিয়া লাভ, বলিৰ জন্ম ৰহস্য’ ভাওনা প্ৰদৰ্শন কৰা হ’ব ৷ 
উল্লেখ্য যে, গণেশ লেখাৰু (যোৰহাট), লীলা গোহাঁই (গোলাঘাট), তৰুণ শইকীয়া (ফৰকাটিং), অনন্ত বৰা, ৰাজু ফুকন, বিপুল নাথ (গৌৰীসাগৰ)ক এই সাতদিনীয়া অখণ্ড ভাগৱত পাঠত মূল পাঠেকী হিচাপে আমন্ত্ৰণ জনোৱা বুলি বোকাজান আঞ্চলিক অখণ্ড ভাগৱত পাঠ পৰিচালনা সমিতিৰ সভাপতি খগেন বৰগোহাঁই, কাৰ্যকৰী সভাপতি ৰুবুল দিহিঙীয়াৰ লগতে যুটীয়া সম্পাদকদ্বয় ৰাজু হাজৰিকা আৰু ৰাজীৱ বুঢ়াগোহাঁয়ে জানিবলৈ দিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0