খেৰণিঃ অসম-মেঘালয়ৰ সীমান্তত ট্ৰাকসহ পুনৰ বৃহৎ পৰিমাণৰ চোৰাং কুন্দা জব্দ হৈছে। পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয় তথা মকৈলুম উপ-আৰক্ষী চকীৰ অন্তৰ্গত মোলাবেৰৰপৰা এইবাৰ আৰক্ষীয়ে জব্দ কৰে এখন কুন্দাৰ্তি ট্ৰাক। ইয়াৰ পূৰ্বেও যোৱা ২১ অক্টোবৰত অসম-মেঘালয়ৰ সীমান্তৰ উমতাঙৰপৰা মেঘালয়ৰ পঞ্জীয়নভুক্ত এখন অবৈধ কুন্দাৰ্তি ট্ৰাক জব্দ কৰিছিল আৰক্ষীয়ে। উল্লেখযোগ্য যে একেদৰে এইবাৰো কাৰ্বি আংলঙৰ মোলাবেৰৰপৰা অবৈধভাৱে মেঘালয়লৈ কুন্দা সৰবৰাহ কৰাৰ চেষ্টা কৰি থকা অৱস্থাত আৰক্ষীয়ে এখন কুন্দাভৰ্তি ট্ৰাক ইতিমধ্যে জব্দ কৰে।
