গোলাঘাটঃ অসমীয়া জাতি অস্তিত্ব, ভাষা-সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত সোমবাৰে গোলাঘাটৰ বিভিন্ন অঞ্চলৰপৰা ৭০ টা জাতীয়, জনগোষ্ঠীয় তথা সামাজিক সংগঠনৰ সহযোগত জাতিধ্বংসী নাগৰিকত্ব আইন বাতিলৰ দাবীত সংকল্প-যাত্ৰা আৰম্ভ কৰে।
নগৰৰ টোকানী পাৰ্কৰপৰা আৰম্ভ কৰা আৰু দিছপুৰত অন্ত পৰিবলগীয়া সংকল্প-যাত্ৰাৰ আৰম্ভণি ভাষণ আগবঢ়ায় অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাস চাংমায়ে তেওঁ কই যে জাতিধ্বংসী বিধেয়ক বাতিল নকৰা পৰ্যন্ত এই আন্দোলন অব্যাহত থাকিব। এই বিধেয়কৰ বিৰুদ্ধে অসমৰ সকলো জনগনক ওলাই আহিবলৈ আহ্বান তেওঁ আহ্বান জনায়।