নগাঁওঃ মৃত্যু নিৰ্মম! কিন্তু মৃত্যু যদি অকালতে আহে আৰু নিজ পিতৃৰ সামান্য ভুলৰ বাবেই যদি এনে হয়, সেয়া অসহনীয়, হৃদয়বিদাৰক।
এনে এক হৃদয়বিদাৰক ঘটনা সংঘটিত হ’ল ধিঙৰ ঢাকাইবস্তি গাঁৱত। সোমবাৰে পুৱা পিতৃ মিজানুৰ ৰহমানে নিজৰ এচেণ্ট গাড়ীখন গেৰেজৰপৰা পিছুৱাই বাহিৰলৈ নি থাকোতেই হৃদয়বিদাৰক ঘটনাটো সংঘটিত হয়। পিতৃৰ অজানিতে ১৮ মহীয়া কন্যা সন্তান মাদিয়া বাহিৰলৈ ওলায় অাহোতেই গাড়ীৰ চেপাত গুৰুতৰভাৱে অাহত হয়। লগে লগে পিতৃয়ে ধিং এফ অাৰ ইউলৈ শিশুটিক লৈ অানে যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে।