বৰনদ্দীঃ পশ্চিম নলবাৰী অঞ্চলৰ সাংস্কৃতিক তথা স্বেচ্চাসেৱী অনুষ্ঠান প্ৰজন্মৰ উদ্যোগত অহা ১৭ আৰু ১৮ নবেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে তৃতীয় বাৰ্যিক সদৌ অসম নাট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাখন পৰিচালনা কৰাৰ বাবে পুলককুমাৰ শৰ্মাক সভাপতি, সতীশ দাসক কাৰ্যকৰী সভাপতি, হৰেকৃষ্ণ মহন্ত, মৃদুল শৰ্মা, পংকজ তালুকদাৰ আৰু মনোজ ডেকাক উপসভাপতি ৰূপে নিৰ্বাচন কৰি উদযাপন সমিতি গঠন কৰা হয়। প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা প্ৰজন্মৰ পতাকা উত্তোলন কৰিব সভাপতি ৰাজীৱ শৰ্মাই। তাৰ পিছত ক্ৰমে শ্ৰদ্ধাঞ্জলি জ্ঞাপন, বৃক্ষৰোপন, প্ৰেক্ষাগৃহ উন্মোচনৰ অনুষ্ঠানৰ আৰম্ভণিৰ পিছত ক্ৰমে,
সন্ধিয়া ৫ বজাত ভ্ৰাম্যমান থিয়েটাৰৰ মহীৰূহ সকলৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান অনুষ্ঠান।