বিহালীঃ জাতি-মাটি আৰু ভেটি ৰক্ষাৰ শ্ল’গানৰে অসমত চৰকাৰ গঠন কৰা বি জে পি চৰকাৰে পঞ্চায়ত নির্বাচন পাতিব নিবিচৰা কথাটো অধিক জলজল পট পট হৈ পৰিছে এইবাৰৰ পঞ্চায়ত নির্বাচনত৷ প্ৰাৰ্থীসকলক বিধান সভা আৰু লোকসভাতকৈও অধিক নথি গাঁঠি দিবলৈ বাধ্যতামূলক কৰাটো৷ পঞ্চায়ত নির্বাচন হ’লে বি জে পি চৰকাৰৰ প্ৰতি জনসাধাৰণ যে অসন্তুষ্ট হৈছে সেইটো প্ৰকাশ হোৱাৰ ভয়ত চৰকাৰখনে পঞ্চায়ত নির্বাচন পাতিব বিচৰা নাছিল।
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশতহে উপায়ন্তৰ হৈ পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছিল যদিও জনসাধাৰণে বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ ৰাইজ আৰু বিৰোধী দলৰ প্ৰাৰ্থীয়ে যাতে অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ কাৰণে পৰ্যাপ্ত সময় নিদিয়াকৈ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে। দৰিদ্ৰ শ্ৰেণীৰ ৰাইজ আৰু বিৰোধী দলৰ প্ৰাৰ্থীয়ে যাতে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে তাৰ বাবে বি জে পি চৰকাৰে প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰত অত্যাধিক প্ৰমাণ-পত্ৰ জমা দিয়াৰ নিৰ্দেশ জাৰি কৰি প্ৰাৰ্থীসকলক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন কৰিছে ৰাজ্যখনৰ বিৰোধী দলৰ লগতে বহু দল সংগঠনে।