বিলাসীপাৰাঃ ধনৰ বিনিময়ত যোগ্য ব্যক্তিক বঞ্চিত কৰি অযোগ্য ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰাক কেন্দ্ৰ কৰি আনন্দ নগৰ বাঙালীপাৰা গাঁও পঞ্চায়তৰ নেতা-কৰ্মীয়ে দেওবাৰে সন্ধিয়া বাঙালীপাৰা বজাৰৰ মাজ মজিয়াত কংগ্ৰেছ নেতা ওৱাজেদ আলী চৌধুৰীৰ প্ৰতিকৃৰ্তি দাহ কৰে।
চৌধুৰীয়ে মোটা অংকৰ ধনৰ বিনিময়ত আনন্দ নগৰ বাঙালীপাৰা গাঁও পঞ্চায়তৰ সভাপতি দুৰ্নীতিৰ সম্ৰাট নুৰ ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনত আনন্দ নগৰ বাঙালীপাৰা গাঁও পঞ্চায়তৰ অঞ্চলবাসীয়ে আশা কৰিছিল যে কংগ্ৰেছ দলৰ দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত সভাপতি নুৰ ইছলাম সলনি এজন ভাল প্ৰাৰ্থীক সভাপতি পদৰ বাবে নিৰ্বাচিত কৰিব। কেইবাজনো লোক এই পদৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী আছিল।