জাজৰিঃ সদ্যঘোষিত অসম লোকসেৱা অায়োগৰ ২০১৬ বৰ্ষৰ সংযুক্ত প্ৰতিযোগীতামূলক পৰীক্ষাৰ ফলাফলত ভূমি অাৰু ৰাজহ সেৱাত ৪৩ তম স্থান লাভ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ জাজৰিৰ হিমাদ্ৰী বৰাই। নগাঁৱৰ জাজৰি ঢলপুৰীয়া নিবাসী প্ৰদীপ বৰা আৰু অমি বৰাৰ জীয়ৰী তথা নগাঁৱৰ ব্ৰাহ্মণগাঁৱৰ চন্দ্ৰকান্ত বৰা আৰু ভদ্ৰাৱতী বৰাৰ ৱোৱাৰী হিমাদ্ৰী বৰাই জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষকৰূপে কৰ্ম সম্পাদন কৰি আহিছে।
ব্ৰাক্ষণগাঁৱৰ সৰবৰহী ব্যক্তি তথা শিক্ষক উত্তম কুমাৰ বৰাৰ পত্নী হিমাদ্ৰী বৰাই শিক্ষকতাৰ সমান্তৰালভাৱে ঘৰুৱা সকলোধৰণৰ কাম-কাজ সুকলমে সম্পাদন কৰি APSC ৰ দৰে এক কঠিন পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হোৱাত জাজৰি অঞ্চলৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে।