তেজপুৰঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ উদমাৰী পঞ্চায়তৰ অন্তৰ্গত মোলানগাঁওৰ বালিপৰা ৰঙাপৰা পথ সংযোগী বাঁহৰ দলংখন বিগত বাৰিষাত বানপানীয়ে উটুৱাই নিয়াৰ পাছত আজি পৰ্যন্ত দলংখন নিৰ্মাণ নকৰাৰ প্ৰতিবাদত অাগন্তুক পঞ্চায়ত নিৰ্বাচনত মোলানগাঁওবাসীয়ে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে৷
ৰাইজে সংবাদ মাধ্যমক ক্ষোভেৰে জনায় যে সমষ্টিটোত পোন্ধৰে বছৰে শাসন কৰা প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতিৰ দিনৰেপৰা ৰাইজে জৰাসৰ নৈৰ ওপৰত থকা জৰাজীৰ্ণ দলংখন পকীকৰণৰ আশাত বি জে পিৰ পল্লৱলোচন দাসক ভোট দি বিধায়ক হিচাপে জয়যুক্ত কৰিছিল৷