55
ওদালগুৰিঃ সদ্যঘোষিত অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফলত ওদালগুৰি জিলালৈ গৌৰৱ কঢ়িয়ালে হৰিশিঙাৰ মিথিংগা দৈমাৰীয়ে।
দৈমাৰীয়ে অসম অসামৰিক সেৱাত ৭৭ নম্বৰ স্থান দখন কৰি গৌৰৱ কঢ়িয়াই আনে। ওদালগুৰি জিলাৰ হৰিশিঙাৰ সমীপৱৰ্তী অম্বাগাঁও গাঁৱৰ খেতিয়ক পিতৃ নিৰণ দৈমাৰী আৰু মাতৃ ৰেণু দৈমাৰীৰ সন্তান মিথিংগাই ২০১৬ চনতে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰপৰা পশু চিকিৎসা বিজ্ঞানত বিষয়ত ৭৫ শতাংশ নম্বৰসহ উত্তীৰ্ণ হৈছিল।