57
নলবাৰীঃ সোমবাৰে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন-প্ৰত্ৰ দাখিলৰ অন্তিমটো দিনত পুৱাৰেপৰা নলবাৰীৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰাৰ্থী তথা সমৰ্থকৰ ভিৰ পৰিলক্ষিত হয়।
প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে নিৰ্বাচনৰ বাবে। আজি দাখিল কৰা হয় জিলাখনৰ ৬৫ খন গাওঁ পঞ্চায়ত, ৬৫ খনকৈ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ লগতে জিলাখনৰ ১৩ খন জিলা পৰিষদৰ প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ ।