বিহালীঃ বিহালী গাংমৌ ৰিজৰ্টৰ অতিথিশালাত সোমবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিশ্বনাথ জিলা সমিতি আৰু সদৌ অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিয়ে যৌথভাৱে এক সংবাদমেল সম্বোধন কৰে৷
সংবাদমেলত সংগঠনদ্বয়ে সমাগত পঞ্চায়ত নিৰ্বাচনত বিহালী সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তৰ গৃহ সমষ্টিৰ বৰগাং জিলা পৰিষদৰ বি জে পি দলৰ প্ৰাৰ্থী গৰাকী এক অপৰাধী বুলি অভিযোগ উত্থাপন কৰে ৷ সংবাদমেলত বৰগাং জিলা পৰিষদৰ বি জে পি দলৰ প্ৰাৰ্থী ৰঞ্জনজ্যোতি দাসে বিগত ২০১২ চনৰ ১৫ জানুৱাৰী তাৰিখে বিহালী আৰক্ষী থানাৰ অন্তৰ্গত টেলেঙনীয়া গাঁৱৰ দৰিদ্ৰ নিবাসী লক্ষ্যধৰ দাসৰ উৰুখা পঁজাটো সন্ধ্যা প্ৰায় ৫ বজাত নিজহাতে জুই জ্বলাই দিছিল ৷