গোৰেশ্বৰঃ বড়ো ভাষা-সাহিত্য-সংস্কৃতিৰ এগৰাকী অন্যতম সাধক, শিক্ষাবিদ, সমাজসেৱক তনুৰাম বড়ো আৰু নাই। ২২ নৱেম্বৰত নিশা প্ৰায় ৮.১৫ মিনিটত তনুৰাম বড়োই শেষ নিশ্বাস ত্যাগ কৰে। বাক্সা জিলাৰ গোৰেশ্বৰৰ বেতনাৰ দোংপাৰ নিবাসী তনুৰাম বড়োই ৭৫ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত ২২ নৱেম্বৰত নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰে।
বড়ো ভাষা সাহিত্য সংস্কৃতিৰ নিৰব সাধক তনুৰাম বড়োই ১৯৭০ চনত ৰঙিয়া জিলা বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা কৰাৰ লগতে প্ৰতিষ্ঠাপক সম্পাদক হিচাপে অনবদ্য বৰঙণি আগবঢ়াই গৈছে। পেচাত এগৰাকী শিক্ষক হোৱাৰ ওপৰি তনুৰাম বড়োই গোৰেশ্বৰ অঞ্চলৰ বড়ো ভাষা-শিক্ষাৰ ক্ষেত্ৰতো ষথেষ্ট সেৱা আগবঢ়াইছে।