ওদালগুৰিঃ কথমপি প্ৰাণৰক্ষা পৰিল ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত ৰৌতা চাৰিআলিৰ চেৰেগা ফাউণ্ডেচন কণিষ্ঠ মহাবিদ্যালয়ৰ ত্ৰিশৰো অধিক ছাত্ৰ-ছাত্ৰীৰ।
কণিষ্ঠ মহাবিদ্যালয়খনৰপৰা শনিবাৰে পুৱা প্ৰায় ত্ৰিশৰো অধিক শিক্ষাৰ্থীয়ে বনভোজ খাবলৈ গৈছিল বাক্সা জিলাৰ বগামাটি বনভোজস্থলীলৈ। ইয়াৰ পাছত গোৰেশ্বৰৰ অম্বৰীশনগৰৰ সমীপত এ এছ ২৫ বি চি ০৮৭২ নম্বৰৰ চলন্ত আল্ট্ৰা বাছখনৰ তল অংশত জুই প্ৰত্যক্ষ কৰে পথাৰত কাম কৰি থকা কেইজনমান লোকে। লগে লগে তেওঁলোকে চিঞৰ-বাখৰ কৰাত বাছখনৰ চালকে বাছখন ৰখাই দিয়ে।