ডিফুঃ “ভাৰতীয় সমাজত নাৰীৰ গুৰুত্ব আৰু ভূমিকাক” বিষয় হিচাপে লৈ যোৱা ১৯ নৱেম্বৰৰপৰা ২৫ নৱেম্বৰলৈ কৌমী একতা সপ্তাহ পালন কৰাৰ সমান্তৰালকৈ শনিবাৰে কাৰ্বি আংলং জিলা মহিলা সমিতিৰ উদ্যোগত ডিফুস্থিত জিলা মহিলা সমিতিৰ মুখ্য কাৰ্যালয়ৰ সভাকক্ষতো কৌমী একতা সপ্তাহ পালন কৰা হয়৷
এই উপলক্ষে কিৰণ কলিতাৰ পৌৰুহিত্যত এখনি মুকলি সভা অনুষ্ঠিত হয়৷ সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু পৰিচালনা কৰে সুৱৰ্ণ বৰুৱা চেতিয়াই৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিফু সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰঞ্জিত সেন, নিৰ্দিষ্ট বক্তা হিচাপে ডিফু মছজিদ কমিটীৰ সাধাৰণ সম্পাদক মজাহাৰুল ইছলাম, ডিফু সাহিত্য সভাৰ প্ৰাক্তন সমিতি তথা বিশিষ্ট কবি পাৰি ৰংপি আৰু চয়নিকা বৰ্মণ৷