ওদালগুৰিঃ “দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ’ব নোৱাৰে। নিষ্ঠাসহকাৰে কৰ্মত বৰ্তী হ’লে তাৰ পৰা সুফল লাভ কৰাটো নিশ্চিত। নতুন প্ৰজন্মই প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে ওলাই অহাটো প্ৰয়োজন। পৰীক্ষা বুলিলেই ভয় খোৱা মানসিকতা বাদ দি সকলো ওলাই আহিব লাগে। একাগ্ৰতাভাৱে পৰীক্ষাৰ অধ্যয়ন চলালে সফল হোৱাটো নিশ্চিত। নতুন প্ৰজন্মই বিপথে গতি কৰাতকৈ পঢ়া-শুনা কৰি সৎ পথত আগুৱাই যাব লাগে।” সাংবাদিকৰ আগত এই মন্তব্য প্ৰকাশ কৰে সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ তত্বাৱধানত অনুষ্ঠিত অসম অসামৰিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে সফলতা লাভ কৰি ওদালগুৰিলৈ গৌৰৱ কঢ়িয়াই অনা মিথিংগা দৈমাৰীয়ে।
ওদালগুৰি জিলাৰ হৰিশিঙাৰ সমীপৰ অম্বাগাওঁৰ দৰিদ্ৰ পৰিয়ালৰ পিতৃ নিৰণ দৈমাৰী আৰু মাতৃ ৰেণু দৈমাৰীৰ একমাত্ৰ সন্তান মিথিংগা দৈমাৰীক দেওবাৰে উষ্ম আদৰণি তথা সম্বৰ্দ্ধনা জ্ঞাপন কৰে গাওঁবাসীয়ে৷