ডিফুঃ ২০০৩ চনত স্বাক্ষৰিত হোৱা বিএলটি চুক্তিৰ বিতৰ্কিত ৮নং দফা বাতিল কৰাৰ দাবীত কাৰবি আংলং জিলাৰ ১৬ টাকৈ সংগঠনে ২৬ নৱেম্বৰ ২০১৮ সোমবাৰে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ১২ ঘণ্টীয়া কাৰবি আংলং বন্ধৰ আহ্বান জনাইছে৷
আজি কেএছএৰ লামডিং ৰোডস্থিত কেএছএৰ মুখ্য কাৰ্যালয়ত ১৬ টাকৈ সংগঠন ক্ৰমে কে এছ এ, কে এন চিএ, কে এড ব্লিউজে এফ, এছ ৱাই চি, এছ ৱাই জে, কেৱাইঅ’, এইছ পিৱাই এ, কেৱাই ডি অ’ ইউ এল ডি এল একে এ এছ কেভি, ইউ কেৱাই এ, এন এছ এম, এ আইকে এছ ভি, কে এ ডি এ, কে এ ভিপি এ আৰু আই ছাইয়ে যৌথভাৱে আয়োজন কৰা এক সংবাদ মেলত সংগঠন সমূহৰ শীৰ্ষ নেতৃবৰ্গই এই বন্ধৰ কথা ঘোষণা কৰে৷