Home ৰাজ্যফ’টশ্বপৰ কবলত অসমীয়া বীৰ লাচিত বৰফুকন!!

ফ’টশ্বপৰ কবলত অসমীয়া বীৰ লাচিত বৰফুকন!!

by News Desk
132 views
A+A-
Reset

গুৱাহাটীঃ এতিয়া ফ’টশ্বপৰ যুগ৷ এই ফ’টশ্বপেৰেই সঁচাক মিছা আৰু মিছাক সঁচা কৰিব পৰা হৈছে৷ ফ’টশ্বপৰ প্ৰযুক্তি ব্যৱহাৰ কৰিয়েই বহুতে ৰাজনৈতিক লাভালাভো আহৰণ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু এই ফ’টশ্বপ ব্যৱহাৰ কৰি যদি ইতিহাসক বিকৃত কৰা হয়, তেন্তে এনে কাৰ্য অকল গৰিহণাযোগ্যই নহয়, অক্ষমণীয়ও৷

ইণ্টাৰনেটত সহজলভ্য আৰু বহুলভাৱে ব্যৱহৃত অসমীয়াৰ জাতীয় বীৰ লাচিত বৰফুকনৰ এখন ফটোৱে এতিয়া এক বিতৰ্কৰ সৃষ্টি কৰিছে৷ অসম-অসমীয়াৰ কোনো ঐতিহ্য বহন নকৰা লাচিতৰ এই বিশেষ ফটোখনকেই হিন্দুত্ববাদী সোঁপন্থী সংগঠনসমূহে তেওঁলোকৰ ‘পূজা’ৰ বাবে ব্যৱহাৰ কৰি আহিছে৷ ঢৌতে খৰ মৰাদি বৰ্তমানৰ চৰকাৰখনে লাচিতৰ এই ফটোখনকেই সকলো চৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠান, স্কুল, কলেজ আদিত আঁৰি ৰখাৰ বাবে জাননী জাৰি কৰিছিল ২০১৬ চনৰ ৯ ডিচেম্বৰত৷ এই ফটোখনে অসম-অসমীয়াৰ ঐতিহ্য-পৰম্পৰা বহন কৰিছেনে নাই, সেই বিষয়ত কোনো অধ্যয়ন নকৰাকৈ কাৰ প্ৰৰোচনাত বিকৃত ঐতিহাসিক সম্বলেৰে ফ’টশ্বপ কৰা এখন ফটোক কিয় অসম চৰকাৰে পৃষ্ঠপোষকতা কৰিলে সেয়াও এতিয়া ডাঙৰ প্ৰশ্ন হিচাপে দেখা দিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0