কাকপথাৰঃ সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে নিৰ্বাচনী আয়োগে কিছুমান নীতি নিৰ্দেশনা জাৰি কৰিছে যদিও কোনো কোনো অঞ্চলত প্ৰাৰ্থীয়ে তেনে নীতি নিৰ্দেশনা পালন নকৰা পৰিলক্ষিত হৈছে৷ শদিয়া সমষ্টিৰ অন্তৰ্গত মেগেলা গাওঁ পঞ্চায়তৰ ৫ নং ছৈখোৱা আঞ্চলিক পঞ্চায়তৰ সদস্যা পদৰ প্ৰাৰ্থী শৰ্মীলা মুণ্ডা আৰু মেগেলা গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী ৰাজেশ সোনোৱালৰ ঘৰত শৌচালয় নথকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
নিৰ্বাচনী আয়োগৰ নীতি মতে পঞ্চায়ত নিৰ্বাচনত অৱৰ্তীৰ্ণ হোৱা প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা, প্ৰাৰ্থী গৰাকীৰ ঘৰত শৌচালয় ইত্যাদিৰ ক্ষেত্ৰত কিছু নিয়ম বান্ধি দিছিল৷ কিন্তু শাসনত থকা বিজেপি দলৰ চৰকাৰৰ প্ৰতিনিধিয়েই এনেদৰে নিৰ্বাচনী আয়োগৰ নীতি নিৰ্দেশনাক ভেঙুচালি কৰা কাৰ্য্যই সচকিত কৰি তুলিছে সচেতন মহলক৷ এই বিষয়ে শদিয়া সমষ্টি যুৱ কংগ্ৰেছে নিৰ্বাচনী আয়োগৰ ওচৰত প্ৰতিনিধি দুগৰাকীৰ বিৰুদ্ধে অভিযোগ দিছে যদিও বৰ্তমান সময় লৈকে নিৰ্বাচনী আয়োগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ আনিছে৷