নগাঁওঃ পঞ্চায়ত নিৰ্বাচনে ৰাজ্যৰ চৌদিশ গৰম কৰি ৰখাৰ সময়তে বটদ্ৰৱাৰ জামুগুৰি কুজীডাঁহ গাঁও পঞ্চায়তত নিস্তেজ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ সৰ্বসাধাৰণ ৰাইজকে ধৰি ৰাজনৈতিক দলৰ কৰ্মী সকলৰ মাজতো কোনো ধৰণৰ উৎসাহ পৰিলক্ষিত হোৱা নাই ৷ মূলত: দুৰ্বল আৰু গণভিত্তিহীন প্ৰাৰ্থীয়েই এই উৎসাহীনতাৰ মূল কাৰণ বুলি সচেতন মহলে মত পোষণ কৰিছে ৷
ৰাজনৈতিক দল সমূহৰ প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাতেও এই ক্ষেত্ৰত নিশ্চিতভাৱে ইন্ধন যোগাইছে৷ বিজেপিৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ দাবীদাৰ দুগৰাকী প্ৰাৰ্থীক বঞ্চিত কৰি মূৰকত আন দুগৰাকী প্ৰাৰ্থীক প্ৰাৰ্থীত্ব দিয়াৰ বাবে একাংশ বিজেপি কৰ্মী-সমৰ্থকে নিৰ্বাচনী প্ৰক্ৰিয়াটোত নিস্ক্ৰিয় ভূমিকা পালন কৰিছে বুলি জানিব পৰা গৈছে৷ বিশেষকৈ আঞ্চলিক সদস্য পদৰ বাবে বিজেপিৰ পৰা অনানুষ্ঠানিকভাৱে জনৈক শইকীয়া উপাধিৰ এগৰাকী নিষ্ঠাৱান কৰ্মীক প্ৰক্ষেপ কৰিছিল যদিও নাটকীয়ভাৱে সেই গৰাকী প্ৰাৰ্থীক বঞ্চিত কৰি ৰাজনৈতিক ক্ষেত্ৰখনত একেবাৰে নতুন, এগৰাকী ন-বিজেপিক প্ৰাৰ্থীত্ব দিয়াত পঞ্চায়তটোৰ একাংশ বিজেপি কৰ্মীয়ে নিস্ক্ৰিয় ভূমিকা পালন কৰাৰ বিপৰীতে আন একাংশই ভোটদানৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷