50
জয়ন্ত মুদৈঃ এনিমেশ্বন কথাছবি ‘মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ’ৰ প্ৰাৰম্ভিক দৃশ্যাংশ (টিজাৰ) শুকুৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।
ৰমণী চিত্ৰম স্মৃতি ন্যাসৰ প্ৰযোজনাত আৰু ডালিম পাঠকৰ সামগ্ৰিক পৰিকল্পনাত নিৰ্মীয়মান অগতানুগতিক কথাছবিখনৰ প্ৰাৰম্ভিক দৃশ্যাংশ শুকুৰবাৰে গুৱাহাটীৰ বেলতলাস্থিত গ্ৰেণ্ড ভবেন্দ্ৰালয় হোটেলৰ ৰংগালয় সভাকক্ষত মুকলি কৰা হয়।