বিলাসীপাৰাঃ সমাগত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত বৰ্তমান তুংগত হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ কাৰ্য। একেই অৱস্থা পৰিলক্ষিত হৈছে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বিভিন্ন গাঁৱত। আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্বিতা কৰিব ১১১ নং শগুণমাৰী গাঁৱ পঞ্চায়তৰ সভাপতি পদত নিৰ্দলীয় প্ৰাৰ্থী জহিৰুল ইছলাম আহমেদ।
যোৱাকালি সন্ধিয়া এখন নিৰ্বাচন প্ৰচাৰ সভাত প্ৰায় ৩ শতাধিক ৰাইজৰ উপস্থিতিত তেওঁ বিভিন্ন সমস্যাৰ সমাধান তথা গাঁৱৰ উন্নয়নৰবাবে কাম কৰি যাব বুলি আশ্বাস প্ৰদান কৰে।