68
ওদালগুৰিঃ আজি সন্ধিয়া ৬:৪৫ বজাত কামাখ্যা ষ্টেচনৰ পৰা ডেকাৰগাওঁ অভিমুখে আহি থকা ১৫৮১৫ নম্বৰৰ ইন্টাৰছিটি এক্সপ্ৰেছত এটা প্ৰচণ্ড বিস্ফোৰন সংঘটিত হয়। এই বিস্ফোৰণৰ ফলত দুগৰাকী মহিলাকে ধৰি চাৰিজন লোক আহত হয়। আহতসকলৰ ভিতৰত এজনৰ নাম হৰিশিঙাৰ ২ নম্বৰ পট্টিৰ ৰাহুল দাস(২৬) আৰু টংলাৰ খিৰোদা বৰা(৪৮), কৰিষ্মা ডেকা, নৱজিৎ দাস বুলি জানিব পৰা গৈছে।
