নগাঁওঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দল সমুহ আৰু প্ৰাৰ্থীৰ প্ৰচাৰ তুংগত উঠাৰ সময়তে নগাঁও জিলাৰ সদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৭ নং পাখিমৰীয়া জিলা পৰিষদতো বিভিন্ন প্ৰাৰ্থীয়ে নিজৰ অনুকুলে নিৰ্বাচনী বতাহ বোৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে।
পাখিমৰীয়া জিলা পৰিষদ সমষ্টিৰ আসনখন দখল কৰিবলৈ সমুখ সমৰত নামিছে কংগ্ৰেছৰ দিপীকা শইকীয়া, বিজেপিৰ সংগীতা ভূঁঞা আৰু অগপৰ মন্দিৰা কৌৰে। ইতিমধ্যে ৰাজহুৱা সভা-সমিতিকে ধৰি ঘৰে ঘৰে গৈ চলোৱা প্ৰচাৰকাৰ্যত অগ্ৰণী ৰূপত অৱস্থান কৰা কংগ্ৰেছৰ প্ৰাৰ্থী দিপীকা শইকীয়াই নিজৰ স্থিতি সবল কৰিবলৈ সক্ষম হৈছে।