তেজপুৰঃ ৰিপুন বৰাই বিবাহিত হৈ কি কাম কৰিছে সকলোৱে দেখিছে, ৰূপজ্যোতি কুৰ্মীয়ে চাগে মনে মনে বিজেপিতে ভোট দিয়াৰ কথা ভাবিছে৷এই মন্তৱ্য ৰঙাপৰা সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী পল্লৱলোচন দাসৰ।
ৰিপুন বৰাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক অবিৱাহিত বুলি কোৱাৰ প্ৰত্ত্যুতৰত পল্লৱলোচন দাসে কয় ৰিপুণ বৰাই বিবাহিত হৈ নো কি কৰিছে সেয়া সকলোৱে দেখিছে। অবিবাহিত হৈয়ো মুখ্যমন্ত্ৰী সোণোৱালে ৰাইজৰ বাবে ভালকৈ কাম কৰি আছে। অানহাতে ৰূপজ্যোতি কুৰ্মীয়ে ৰঙাপৰাত কংগ্ৰেছ ইন অাৰু বিজেপি অাউট বুলি কোৱা সম্পৰ্কত পল্লৱলোচন দাসে কয় ৰূপজ্যোতিৰ নিজৰ মৰিয়নী সমষ্টিতে অৱস্থা থৰক বৰক । নিজৰ সমষ্টিৰ ৰাস্তা এটা বনাব লাগিলেও, বিদ্যুত লাগিলেও আৰু অনুদান লাগিলেও আমাকে ক’ব লাগে ।