Home ৰাজনীতিপঞ্চায়তত ভাল ফলাফল কামনাৰে বটদ্ৰৱা থানত হঠাৎ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

পঞ্চায়তত ভাল ফলাফল কামনাৰে বটদ্ৰৱা থানত হঠাৎ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

by News Desk
A+A-
Reset
cm

নগাঁওঃ আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল গুৰুজনাৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানত উপস্থিত হয়৷ দিনটো অন্যান্য স্থানৰ লগতে শেষত মৰিগাঁও জিলাৰ লাহৰিঘাটৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি মুখ্যমন্ত্ৰীগৰাকী হেলিকপ্তাৰযোগে বটদ্ৰৱালৈ আহে৷ বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ অস্থায়ী হেলিপেডত নগাঁও জিলাৰ উপাযুক্ত তথা আৰক্ষী অধীক্ষকে মুখ্যমন্ত্ৰীগৰাকীক আদৰনি জনায়৷বিজেপি দলে অসমত চৰকাৰ গঠন কৰাৰ পিছত অনাগত দুটা দিনত ভোট গ্ৰহন হবলগীয়া পঞ্চায়ত নিৰ্বাচনটো হৈছে চৰকাৰৰ প্ৰথমটো নিৰ্বাচন ৷  এই পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে ৰাইজৰ মাজত বিজেপি দল তথা মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোনোৱালৰ জনপ্ৰিয়তা একপ্ৰকাৰ নিৰ্ণয় কৰিব ৷ সেয়ে সোমবাৰে নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰনি মাৰি সৰ্বানন্দ সোনোৱালৰ সন্মানৰ প্ৰশ্ন হিচাপে চিহ্নিত পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফল কামনাৰে মহাপুৰুষ গুৰুজনাৰ আৰ্শীবাদ বিচাৰিয়েই মুখ্যমন্ত্ৰী সোনোৱালে সেৱা নিবেদন কৰে পূণ্যভূমি বটদ্ৰৱা থানত ৷ 

মুখ্যমন্ত্ৰীগৰাকীয়ে কীৰ্তন ঘৰত প্ৰায় ২০ মিনিট সময় বহি সন্ধ্যা প্ৰংসংগত ভাগ লোৱাৰ লগতে সত্ৰাধিকাৰৰ পৰা ধৰ্মীয় দিহা-পৰামৰ্শ গ্ৰহন কৰি  নিৰ্মালী গ্ৰহন কৰে ৷ তদুপৰি পবিত্ৰ আকাশী গংগাৰ তীৰত থান পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলৰ সৈতে বহুসময় ধৰি গুৰুজনাৰ একশৰণ নাম ধৰ্ম সম্পৰ্কে বাৰ্তালাপ কৰি বিগত দিনকেইটাৰ ব্যস্ততাপূৰ্ণ কৰ্মসূচীৰ পিছত বটদ্ৰৱা থানলৈ আহি সুন্দৰ আধ্যাত্মিক বাতাবৰণত মানসিক প্ৰশান্তি লাভ কৰা বুলি মন্তব্য কৰে৷ সম্পূৰ্ণ ধৰ্মীয় কাৰ্যসূচীৰে বটদ্ৰৱা থানত প্ৰায় দুঘন্টা অতিবাহিত কৰাৰ অন্তত মুখ্যমন্ত্ৰীগৰাকী পদ পথে গুৱাহাটী অভিমুখে ৰাওঁনা হয় ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0