মৰিগাওঁঃ মৰিগাওঁ এখন বিদ্যালয়ত আজৱ কাণ্ড৷ বিদ্যালয় বন্ধ কৰি চলিছে কংগ্ৰেছৰ নিৰ্বাচনীভোজ৷ নিৰ্বাচন আয়োগৰ নিৰ্দেশ উলংঘা কৰি এই কাণ্ডক কিমান গ্ৰহন যোগ্য সেইটো প্ৰশ্ন উঠিছে ৷
মৰিগাওঁ জিলাৰ মিকিৰভেটা অন্তৰ্গত কলমৌবাৰী পঞ্চায়তৰ কংগ্ৰেছ দলৰ সভাপতি পদৰ প্ৰাৰ্থী মইদুল ইছলাম আৰু লগতে বিভিন্ন পদৰ প্ৰাৰ্থী সকলে বিদ্যালয়ৰ চৌহদক পৰিবৰ্তন কৰিলে নিৰ্বাচনৰ সামুহিক ভোজন-স্থলীলৈ যাৰ বাবে আজি খান্দাপুখুৰী এম,ই মাদ্ৰাছা বিদ্যালয় খনৰ পাঠদান বন্ধ ৰাখিলে কংগ্ৰেছৰ প্ৰাৰ্থী সকলে ৷
