Home ৰাজ্যনলবাৰীত সৰ্বানন্দ সোনোৱালৰ বিশাল নিৰ্বাচনী সভা

নলবাৰীত সৰ্বানন্দ সোনোৱালৰ বিশাল নিৰ্বাচনী সভা

by News Desk
61 views
A+A-
Reset

নলবাৰীঃ নলবাৰীত শাসনাধিষ্ঠ বিজেপিৰ এক বিশাল নিৰ্বাচনী কেন্দ্ৰীক জনসভাৰ আয়োজন কৰে৷ এই সভাত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকা, বিধায়ক অশোক শৰ্মা, জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, জালান পৰিষদৰ প্ৰাৰ্থীদ্বয় নিতুল ডেকা আৰু বিৰাজ মেধী আৰু ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ধূলিৰ শইকীয়াৰ লগতে বহুকেইজন প্ৰভাৱশালী নেতা৷ বাঁহজানী জিলা পৰিষদ আৰু খাটা বহাহগিলা জিলা পৰিষদৰ প্ৰাৰ্থী দুগৰাকীৰ হৈ আজি নলবাৰী কলেজ খেল পথাৰত আয়োজন কৰা এই বিশাল নিৰ্বাচনী সমাৱেশত বিজেপিৰ দলৰ নলবাৰী পূৱ নলবাৰী মণ্ডল জেষ্ঠ্য নেতা-কৰ্মী সকলৰ লগতে সাংসদ ৰমেন ডেকাই ভাষন প্ৰসংগত আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে কংগ্ৰেছক প্ৰতিহত কৰি বৃহৎ ব্যৱধানত জয়লাভ কৰাটো নিশ্চিত বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ লগতে আগন্তুক নিৰ্বাচনত বিজেপিৰ হৈ বিভিন্ন পদত প্ৰাৰ্থীত্ব প্ৰদান কৰা মনোনীত প্ৰাৰ্থী সকলকো এই ক্ষেত্ৰত ৰাইজৰ গুৰুত্বপুৰ্ণ স্বাৰ্থক জলাঞ্জলি নিদি সকলো সময়তে ৰাইজৰ কাষক ঠিয় হৈ থাকি ৰাইজৰ উন্নতিৰ হকে কাম কৰি যাবলৈ পৰামৰ্শ দিয়ে৷ 

ইফালে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ ভাষন প্ৰসংগত উল্লেখ কৰি কয় যে অসমৰ ৰাইজৰ গুৰুত্বপুৰ্ন স্বাৰ্থ বিঘ্নিত হ’ব পৰা কোনো কামেই বিজেপিয়ে নকৰে৷ বিজেপি দল কেৱল ৰাইজৰ পক্ষত৷ মুখ্যমন্ত্ৰী সোনোৱালে ভাষণ প্ৰসঙ্গত ‘‘বৃহত্তৰ অসমৰ জনগনে মোক চৰকাৰ চলোৱাৰ দায়িত্ব দিছে। ৰাজ্যখনৰ জাতি, মাটি, ভেটি, ভাষা, সাহিত্য, বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত মই দায়বদ্ধ৷ বৃহত্তৰ অসমীয়া সমাজ তথা অসমৰ প্ৰত্যেকটো ভাষা-সম্প্ৰদায়ৰ লোক আমাৰ নেতৃত্বত সুৰক্ষিত৷ তাক লৈ অসমৰ জনগনে কেতিয়াও উদিগ্ন হোৱাৰ প্ৰয়োজন নাই বুলি গুৰুত্বপূৰ্ন মন্তব্য আগবঢ়ায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0