গোৰেশ্বৰঃ বাগসা জিলা গোৰেশ্বৰ থানা অন্তৰ্গত ২ নং গোৰেশ্বৰৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীক ধন দাবী কৰাৰ লগতে ঘৰৰ পিছপিনে সন্দেহজনক বোমা সংস্থাপন কৰি ভাবুকি দিয়া অভিযুক্তক আজি গোৰেশ্বৰ আৰক্ষীয়ে আটক কৰে। আৰক্ষীৰ তৎপৰতাত গ্ৰেপ্তাৰ হোৱা ৰহস্যময় যুৱকজন গোৰেশ্বৰ বাঘডোবাৰ নাৰামাৰী লোহিত বড়োৰ পুত্ৰ বিনোদ বড়ো । যোৱা ৫ ডিচেম্বৰত এইজন যুবকে ব্যৱসায়ী কৈলাশ বড়োক বি এফ ডি এন নামৰ এক অজ্ঞাত সংগঠনৰ পেইডত ১০ৰ পৰা ১২ লাখ টকা দাবী কৰাৰ লগতে ঘৰৰ পিছপিনে এক সন্দেহজনক বোমাও সংস্থাপন কৰি গৈছিল।
জটিল অনুসন্ধানৰ অন্তত গোৰেশ্বৰ আৰক্ষীয়ে যোৱা নিশা আটক কৰিবলৈ সক্ষম হয় যুৱকজনক। ৫ ডিচেম্বৰত আৰক্ষীয়ে ব্যৱসায়ী কৈলাশ বড়োৰ ঘৰৰ পৰা বিএফডিএন নামৰ অজ্ঞাত সংগঠনৰ নামত লিখা ধনদাবীপত্ৰসহ হাতেসজা বোমটো উদ্ধাৰ কৰাৰ পিছত দিনাজোৰা উৎকণ্ঠাৰ অন্তত সেনাৰ বোমা বিশেষজ্ঞৰ দ্বাৰা সন্ধিয়া বিস্ফোৰণ ঘটাইছিল। গোৰেশ্বৰ থানাৰ অন্তৰ্গত বাঘডোবা নাৰামাৰী নিবাসী লোহিত বড়োৰ পুত্ৰ বিনোদ বড়োক যোৱা নিশা গোৰেশ্বৰ আৰক্ষীয়ে নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ।