ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰবিৰোধী আৰ সমাজবিৰোধী গোটে জনপ্ৰিয় চ’ছিয়েল মিডিয়াৰ অসৎ ব্যৱহাৰ কৰাৰ কাৰণ দৰ্শাই ভাৰত চৰকাৰে সংঘৰ্ষ জৰ্জৰিত কাশ্মীৰত নিষিদ্ধ ঘোষণা কৰিছে ফেচবুক, টুইটাৰ, হোৱাটচএপ, ইউটিউব, স্কাইপ, পিলইণ্টাৰেষ্ট, স্নেপচাট, ফ্লিকাৰ, ভাইন, লাইনকে আদি কৰি মুঠ ২২ টা চ’ছিয়েল মিডিয়া ৱেবচাইট আৰু এপ৷
সন্ত্ৰাসবাদী কূটাঘাট আৰু ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ ৰোধ কৰি ৰাজ্যখনত শান্তি-শৃখলা বজাই ৰখাৰ নামতে এনেদৰে ৰাজ্যখনত এনে এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰে৷ ৰাজ্যখনত প্ৰায়ে ম’বাইল ফোনৰ নেটৱৰ্ক কাটি দিয়াটো নিত্য-নৈমিত্তিক যদিও প্ৰথমবাৰৰ বাবে এনেদৰে চ’ছিয়েল মিডিয়া নিষিদ্ধ কৰা ঘটনা বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷