123
বিলাসীপাৰাঃ ভুৱা শিক্ষাগত অহৰ্তাৰ প্ৰমাণ-পত্ৰ দাখিল কৰি বিলাসীপাৰা মহকুমাৰত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে।
মহকুমাটোৰ আনন্দ নগৰ বাঙালীপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা পদত বিজয়ী ৰৌসনাৰা বেগমে ভুৱা প্ৰমাণ-পত্ৰৰে নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোনয়ন-পত্ৰ দাখিল কৰিছিল বুলি অভিযোগ কৰিছে পঞ্চায়তখনৰ পৰাজিত প্ৰাৰ্থী মুৰ্শিদা বেগম আৰু আকলিমা খাতুনে।