বিলাসীপাৰাঃ পঞ্চায়ত নিৰ্বাচনত সদ্য ঘোষিত ফলাফলত আনন্দ নগৰ বাঙালীপাৰা গাঁও পঞ্চায়তৰ নৱ-নিৰ্বাচিত কাউন্সিলাৰ ৰৌসনাৰা বেগমৰ নেতৃত্বত শতাধিক ৰাইজে আনুষ্ঠানিকভাৱে বি জে পিত যোগদান কৰে।
সংখ্যালঘু এলেকাত কংগ্ৰেছ দলৰ প্ৰতি মোহভংগ হৈ শেহতীয়া পঞ্চায়ত নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হোৱা পঞ্চায়ত সভাপতি, কাউন্সিলাৰ আৰু ৱাৰ্ড সদস্য সদস্যাই পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছৰপৰাই বহুতে আনুষ্ঠানিকভাৱে বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীৰ নেতৃত্বত বি জে পিত যোগদান কৰে।