Home ৰাজ্যসাহসী আৰক্ষী বিষয়া দেনাগ্ৰা ব্ৰহ্ম ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত

সাহসী আৰক্ষী বিষয়া দেনাগ্ৰা ব্ৰহ্ম ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত

by News Desk
A+A-
Reset
denagra

গোৰেশ্বৰঃ  সমনীয়াৰ সৈতে মাঘ বিহুৰ উৰুকাৰ ভোজভাত খোৱা নহ’ল গোৰেশ্বৰ থানা অন্তৰ্গত মহৰিপাৰাৰ নিবাসী দেনাগ্ৰা ব্ৰহ্মৰ। আজি বৰপেটা জিলাৰ গোবৰ্দ্ধনাত এক পথ দুৰ্ঘটনাত থিতাতে নিহত হয় বাগসা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাত  ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা দেনাগ্ৰা ব্ৰহ্ম। কালি মহৰিপাৰাৰ সমনীয়া বন্ধুৱে ফোন কৰাত মহৰিপাৰাত এইবেলিও মাঘ বিহুৰ উৰুকাৰ  নিশা উপস্থিত থকাৰ কথা জনাইছিল দেনাগ্ৰাই। উৰুকাৰ নিশা সমনীয়াৰ সৈতে ভোজভাত খোৱাৰ পৰিকল্পনা কৰি মাঘ বিহুত ঘৰলৈ অহাৰ কথা আছিল দেনাগ্ৰাৰ। কিন্তু কালৰ কি পৰিহাস! এক পথ দুৰ্ঘটনাত অকালতে হেৰাই গ’ল দেনাগ্ৰা নামৰ এক উজ্জ্বল প্ৰতিভা। সৰুৰে পৰা অতি সাহসী আৰু সাংস্কৃতিক মন থকা দেনাগ্ৰা ব্ৰহ্মৰ অকাল বিয়োগত গোৰেশ্বৰ-মহৰিপাৰাত গভীৰ শোকৰ ছাঁ পৰিছে। 

জানিব পৰা মতে পুৱা প্ৰায় ৫ বজাৰ পূৰ্বে আচামী ধৰিবলৈ দেনাগ্ৰা ব্ৰহ্ম ওলাই যায় পাঁচ জন আৰক্ষী জোবান সৈতে। তাৰ পৰা উভতি অহাৰ পথত  AS 15AC 1561 নম্বৰৰ ট্ৰেক্টৰখনৰ সৈতেAS O1 DU 9997 নম্বৰৰ আৰক্ষীৰ ব’লেৰো বাহনখনৰ মুখামুখী সংঘৰ্ষ ঘটে। এই ঘটনাত গোবৰ্দ্ধনা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেনাগ্ৰা ব্ৰহ্ম আৰু কনিষ্টবল চালক বিজন উজীৰ  ঘটনাস্থলীতে নিহত হয়। দুৰ্ঘটনাটোত চাৰিজন লোক আহত হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0