নগাঁওঃ নগাঁও জিলাৰ অন্তৰ্গত জুৰীয়া থিয়টাঙনী নিবাসী বিশিষ্ট সমাজ কৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক, শ্ৰীমন্ত শঙ্কৰদেৱ মন্দিৰ সমিতি আৰু থিয়টাঙনী গাৱঁৰ নামঘৰ সমিতিৰ প্ৰাক্তন সভাপতি মোহন চন্দ্ৰ ভূঞাৰ আজি পুৱা নিজ বাসগৃহত দেহাৱসান ঘটে। ৮২ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰনত মৃত্যু হোৱা নিৰহংকাৰী ভূঞাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বিভিন্ন অনুস্থান প্ৰতিষ্ঠানৰ লগতে অসংখ্য গুণমুগ্ধ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। সৰবৰহী ব্যক্তি ভূঞাৰ মৃত্যুত বৃহত্তৰ জুৰীয়া অঞ্চলত শোকৰ ছাঁ পৰিছে৷
53
previous post