নগাঁওঃ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সাধাৰন সম্পাদকৰ দৰে সন্মানীয় তথা গুৰুত্বপূৰ্ণ পদৰ দায়িত্বত থাকি ঐতিহাসিক বটদ্ৰৱা থানখনক গেৰুৱাকৰণ কৰাৰ পাছত বিগত পঞ্চায়ত নিৰ্বাচনত বি জে পিৰ হৈ মুকলিভাৱে প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ব্ৰজেন কাকতি ৷
যোৱা ৩০ নৱেম্বৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বটদ্ৰৱা সমষ্টিৰ কপাহেৰা খেলপথাৰত অংশগ্ৰহণ কৰা বি জে পিৰ এখন নিৰ্বাচনী সভাত বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতাৰ নিৰ্বাচনী এজেন্ট তথা শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্ৰজেন কাকতিয়ে সভাৰখনৰ আঁত ধৰি ভাষণ প্ৰসংগত কংগ্ৰেছ-অ গ পক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে বি জে পিৰ হৈ ভোট বিচৰা কাৰ্যত চৌদিশে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷