52
কাকপথাৰঃ সদৌ মৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিক সমিতিৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিৱেশন দেওবাৰে সফল সামৰণি পৰে৷
যোৱা ২৮ ডিচেম্বৰৰপৰা তিনিদিনীয়াকৈ কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘ প্ৰেক্ষাগৃহত অনুস্থিত হোৱা অধিৱেশনিৰ আজি শেষৰ দিনা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে কাৰ্যসূচী আৰম্ভ হয়৷ অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰা শোভাযাত্ৰা কাকপথাৰ ৰাজহুৱা খেলপথাৰৰপৰা সাংস্কৃতিক সংঘলৈ হয়৷