শিৱসাগৰঃ বিগত বর্ষবোৰৰ দৰে এই বছৰো শিৱসাগৰ জিলাৰ নামতি চাৰিআলিত সন্মিলিত মুছলিম যুৱ সমাজে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা বাৰ্ষিক দ্বীনি-ওৱাজ-মেহফিল দেওবাৰে সফল সামৰণি পৰে।
অঞ্চলটোৰ ফুলবাৰী জামাতত অনুষ্ঠিত হোৱা চতুৰ্দশ বার্ষিক দ্বীনি-ওৱাজ-মেহফিলত কালি পুৱা আমগুৰি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড৹ গিয়াছউদ্দিন আহমেদে পতাকা উত্তোলন আৰু ফুলবাৰী জামাতৰ পেচ ইমামে কোৰাণ তিলাৱত কৰাৰ পাছতেই ইছলামিক অনুষ্ঠানসমূহ উদ্বোধন কৰে অসমীয়া জাতীয় অভিধানৰ মুখ্য সম্পাদক তথা বিশিষ্ট সাহিত্যিক ড৹ দেৱব্রত শৰ্মাই।