60
তেজপুৰঃ শোণিতপুৰৰ চাৰিদুৱাৰৰ হাতিগেটত সেনাবাহিনীৰ এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হয়। নিয়ন্ত্ৰন হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল সেনাবাহিনীৰ বাহনখন।
ফলত বাহনখনত থকা পোন্ধৰজনকৈ সেনাবাহিনীৰ জোৱান আঘাতপ্ৰাপ্ত হয়। আটাইকেইজন জোৱানকে চাৰিদুৱাৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও তাৰে চাৰিজন জোৱান গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হোৱা হেতুকে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয়।