নগাঁওঃ নগাঁও জিলাৰ আলিটাঙনী জুনিয়ৰ কলেজত স্বেচ্ছাসেৱী সংগঠন ইয়ুথ ডেভেল’পমেন্ট ছ’চাইটিৰ উদ্যোগত দেওবাৰে পঞ্চায়তীৰাজ সম্পৰ্কে এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়৷
আলিটাঙনী ওচমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছমত আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিদিষ্ট বক্তা হিচাপে বক্তব্য ৰাখি জুৰীয়া কলেজৰ শিক্ষা বিভাগৰ অধ্যাপক আনোৱাৰা হুছেইন কয যে, ‘পঞ্চায়তীৰাজৰ দায়িত্ব অসীম। পঞ্চায়তৰ আঁচনি ৰূপায়ণত পঞ্চায়ত প্ৰতিনিধিসকলে ৰাজনৈতিক দলৰ কথা পাহৰি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ কথা গুৰুত্ব দিব লাগে।’